'নাগৰিকত্ব সংশোধনী আইন-২০১৯' সংসদত গৃহীত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ ১১ ডিচেম্বৰৰ বিশেষ দিনটোত পুনৰ কা'ৰ বিৰুদ্ধে ছাত্ৰ সমাজে আৰম্ভ কৰিলে আন্দোলন।'ৰণহুংকাৰ' শীৰ্ষক কাৰ্যসূচী ছাত্ৰ সমাজে শুকুৰবাৰে দীঘলীপুখুৰীৰ পাৰত ৰূপায়ণ কৰে কা' বাতিলৰ দাবীত।কটন বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয় প্ৰমুখ্যে মহানগৰীৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তৰ ছাত্ৰ সমাজে ৰূপায়ণ কৰা ৰংণহুংকাৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী। ৰণহুংকাৰ কাৰ্যসূচীত উপস্থিত থাকে কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টে'ফৰ্ডৰ আত্মীয় আৰু দীপাঞ্জল দাসৰ পিতৃ। কা'ৰ বিৰুদ্ধে আন্দোলন পুনৰ তীব্র কৰাৰ সংকল্প গ্ৰহণ কৰে উপস্থিত ছাত্ৰ সমাজে।আগন্তক নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰো আহ্বান জনায় ৰাইজক। ৰণহুংকাৰ কাৰ্যসূচীৰ পিছতে সন্ধিয়া কা' আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰি দীঘলিপুখুৰীৰ পাৰত ছাত্ৰ সমাজে পাঁচ হাজাৰ গছি বন্তি প্ৰজ্বলন কৰে।
- Log in to post comments
- 18 views