ছাত্ৰ সমাজ-চৰকাৰী পক্ষৰ প্ৰতিনিধিৰ মাজত কা' আইন সন্দৰ্ভত ছাত্ৰ সমাজে আয়োজন কৰিব মুকলি তৰ্ক প্ৰতিযোগিতা

Pic

"বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে ছাত্ৰ সমাজে ঘোষণা কৰিলে পৰৱৰ্তী কাৰ্যসূচী।কা'ৰ ওপৰত আলোচনা চক্ৰ-তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিব ছাত্ৰ সমাজে"-ছাত্ৰ সমাজৰ ৰণহুংকাৰ কাৰ্যসূচীত এই ঘোষণা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হীৰকজ্যোতি পাটোৱাৰীৰ। "তৰ্ক প্ৰতিযোগিতাখনত ছাত্ৰ সমাজৰ পৰা পাঁচজন আৰু চৰকাৰী পক্ষৰ পৰা পাঁচজনক আমন্ত্ৰণ জনাব।চৰকাৰী পক্ষই কিয় কা' আইন ভাল,সেই যুক্তি প্ৰদৰ্শন কৰিব আৰু ছাত্ৰ সমাজে কা' কিয় বেয়া,সেই কথাত যুক্তি আগবঢ়াব"- ছাত্ৰজনে লগতে কয়। চৰকাৰী পক্ষই গুজৰাট, উত্তৰ প্ৰদেশ যি স্থানৰ পৰা প্ৰতিনিধি আনে আনিব পাৰিব বুলি উল্লেখ কৰি আৰু কয় -"তেওঁলোকে বুজাব লাগিব কা' কিয় লাগে আৰু আমি বুজাম কা' কিয় নালাগে।" উল্লেখ যে দীঘলীপুখুৰীৰ পাৰত শুকুৰবাৰে কা' আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হোৱা আৰু ৫ শ্বহীদক শ্ৰদ্ধা জনায় ছাত্ৰ সমাজে ৰূপায়ণ কৰে ৰণহুংকাৰ কাৰ্যসূচী।

Your Comments