মাজুলীত অনুষ্টুপীয়া ৰাস মহোৎসৱ উদযাপন

Raas

মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত ৷ মাজুলীৰ এক অবিচ্ছেদ্য অংগ ৰাস মহোৎসৱ ৷ ক’ভিড মহামাৰীৰ বাবে হোৱা-নোহোৱাৰ দোমোজাৰ মাজত অন্তত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ল মাজুলীৰ ৰাস ৷

ৰাস উৎসৱত আগৰ দৰে নাই ৰং-ৰহইচ আৰু পৰ্যটক ৷ তথাপিও মাজুলীবাসীয়ে অতি উৎসাহেৰেই ভাগ লৈছে ৰাসত ৷ 

এই ৰাস উৎসৱ পালন কৰিব লগা হৈছে মাজুলীৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি চলি ৷ ফলত পূৰ্ণাংগ ৰাসলীলাৰ পৰা বাদ দিব লগা হৈছে কিছুমান মূহূৰ্ত ৷ ৰাসৰ বাবে বান্ধি দিয়া ক’ভিড প্ৰ’টকল অনুসৰি ৰাসত এইবাৰ ভাগ ল’ব পৰা নাই ৬ বছৰৰ তলৰ শিশুৱে ৷ তাৰ বাবেই কৃষ্ণৰ নন্দগৃহৰ শিশুকাল বাদ দিব লগা হৈছে ৰাসৰপৰা ৷

Your Comments