ধৰ্মীয় পৰম্পৰা,নীতি-নিয়ম অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শেষ বিদায় পৰিয়ালৰ।কলাক্ষেত্ৰৰ পৰা গগৈৰ নশ্বৰদেহ আজি পুৱাই দিছপুৰৰ চৰকাৰী বাসগৃহলৈ অনা হয়।তাতে গগৈৰ নশ্বৰদেহ নোৱাই-ধোৱাই নতুন বস্ত্ৰ পৰিধান কৰোৱা হয়।
পৰিয়ালে গগৈৰ হাত-ভৰি চাপ সগ্ৰহ কৰে।নতুন বগা পোছাক পিন্ধাই শেষকৃত্য কৰাৰ বাবে সাজু কৰি তোলা হৈছে গগৈৰ নশ্বৰদেহ।
উল্লেখ যে নতুন বস্ত্ৰ পৰিধান কৰোৱাৰ পিছতে পৰম্পৰা অনুসৰি নাৰী কটা হয় গগৈৰ।পৰিয়ালে গগৈৰ নশ্বৰদেহত সেৱা জনাই অন্তিম বিদায় ইতিমধ্যে জনাইছে
গগৈৰ নশ্বৰদেহ ঘৰৰ পৰা উলিয়াই গীৰ্জা,নামঘৰ,মছজিদ,দেৱালয় দৰ্শন কৰোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰোৱা হ'ব।
- Log in to post comments
- 52 views