বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ নিয়াৰ পিছত শেষকৃত্য সম্পন্ন কৰা হ'ব তৰুণ গগৈৰ

Tarun Gogoi

বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ'ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব শেষকৃত্য।

পৰিয়ালৰ ইচ্ছা অনুসৰি শেষকৃত্যৰ বাবে নশ্বৰদেহ অনাৰ সময়ত ৰেলী উলিওৱা হ'ব।বৃহস্পতিবাৰৰ দিনটোত চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ সাধাৰণ জনতাৰ বাবে ন' এন্ট্ৰী থাকিব।অসম অভিযান্ত্ৰিক খেলপথাৰত পাৰ্কিং ব্যৱস্থা থাকিব।

উল্লেখ যে শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে দিছপুৰৰ চৰকাৰী বাসগৃহলৈ নিয়া হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ।তাত ধৰ্মীয় পৰম্পৰা অনুসৰি ৰীতি-নীতি কৰাৰ পিছত অন্তিম শোভাযাত্ৰা কৰা হ'ব।

শোভাযাত্ৰাৰ সময়ত ছয়মাইলৰ এটা গীৰ্জা, জু-ৰোডৰ নামঘৰ,গুৱাহাটী ক্লাবৰ বুঢ়া মছজিদ,শুক্লেশ্বৰ আৰু উগ্ৰতাৰা দেৱালয়ত সোমোৱাৰ পিছত নৱগ্ৰহ শ্মশানলৈ নিয়া হ'ব।এই কথা জনালে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই।

Your Comments