কামৰূপ জিলাৰ নগৰ এলেকাত পুনৰ চলিছে উচ্ছেদৰ যো-জা

Pic

কামৰূপ জিলাৰ নগৰ এলেকাৰ বিভিন্ন চৰকাৰী আৰু অৰ্ধ-চৰকাৰী মাটি বেদখল কৰি ঘৰ  নিৰ্মাণ কৰা বা ব্যৱসায় আৰম্ভ কৰা লোকক তেনে স্থানৰপৰা উচ্ছেদ কৰিবলৈ সাজু হৈছে কামৰূপ (নগৰ) জিলা প্ৰশাসন ৷

এই সিদ্ধান্ত লোৱা হ’ল জিলা প্ৰশাসনলৈ উচ্চ ন্যায়ালয়ত ৰুজু কৰা PILৰ ভিত্তিত উচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰা নিৰ্দেশৰ পিছত।সেই নিৰ্দেশৰ ভিত্তিত জিলা প্ৰশাসনে সকলো বেদখলকাৰী পৰিয়াল,প্ৰতিষ্ঠান আদিলৈ জাননী প্ৰেৰণ কৰিছে ৩০ দিনৰ ভিতৰত সেই স্থানসমূহ খালী কৰিবলৈ।

Your Comments