প্ৰয়াত তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ পুৱাৰে পৰা কলাক্ষেত্ৰত জনতাৰ ভিৰ

Tarun Gogoi

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি পুৱাৰে পৰা দীঘলীয়া শাৰী জনতাৰ।প্রিয় নেতাগৰাকীক অন্তিমবাৰ কাষৰ পৰা চোৱাৰ বাবে বিভিন্নজনে আহি ভিৰ কৰিছে।

অশান্ত অসমক নতুন ৰূপ প্ৰদান কৰি উন্নয়নৰ দিশত আগবঢ়াই নিয়াত গগৈৰ অৱদান সকলোৱে স্বীকাৰ কৰিছে।তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজনীতিকগৰাকীৰ বিয়োগত মৰ্মাহত সমগ্ৰ ৰাজ্য।সোমবাৰে সন্ধিয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা আদৰ্শবাসী ৰাজনীতিবিদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে শ-শ লোক উপস্থিত হৈছিল জিএমচিএইচৰ বাকৰিত।

উল্লেখ যে সাধাৰণ জনতাৰ বাবে আজিৰ দিনটো গগৈৰ নশ্বৰদেহ কলাক্ষেত্ৰত ৰখাৰ পিছত বৃহস্পতিবাৰে পুৱা নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব।

Your Comments