তিতাবৰ নহয়,২৬ নৱেম্বৰত গুৱাহাটীতে হ'ব তৰুণ গগৈৰ শেষকৃত্য
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন হ'ব গুৱাহাটীতে।২৬ নৱেম্বৰত নশ্বৰদেহৰ সৎকাৰ কৰা হ'ব।
ইফালে,আজি ৰাতিটো গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰখা হ'ব গগৈ নশ্বৰদেহ।মঙলবাৰে পুৱা চৰকাৰী বাসগৃহলৈ নশ্বৰদেহ নিয়াৰ পিছত পুৱা ৯ বজাত ৰখা হ'ব গুৱাহাটীৰ ৰাজীৱ ভৱনত।
বিয়লি চাৰি বজাত ৰাইজৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ নিয়া হ'ব।তাতে ২৬ তাৰিখলৈ নশ্বৰদেহ ৰখা হ'ব গগৈৰ।
ইফালে অন্তিম সৎকাৰ গুৱাহাটীত কত কৰা হ'ব,তাক লৈ বৰ্তমানো স্থান নিৰ্ধাৰণ হোৱা নাই।পত্নী ডলী গগৈৰ শাৰীৰিক অসুস্থতাৰ বাবে তিতাবৰলৈ নিয়া নহয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ।
- Log in to post comments
- 14 views