গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত শেষনিশ্বাস ত্যাগ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ চৰকাৰী আৱাসলৈ নিয়াৰ পিছতে গুণমুগ্ধৰ দৰ্শনৰ বাবে মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত ৰখা হ'ব।এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে জনোৱা হ'ব শেষ বিদায়।
গগৈৰ নশ্বৰদেহৰ অন্তিম সৎকাৰ ক'ত কৰা হ'ব,সেয়া পৰিয়ালে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্ত্ৰী ড: শৰ্মাই কয়।
মৃত্যুৰ সময়ত গগৈ তিতাবৰৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰি আছিল।
অসমৰ এগৰাকী আদৰ্শবাদী ৰাজনীতিবিদ আছিল প্ৰয়াত তৰুণ গগৈ।
- Log in to post comments
- 8 views