"মই সঁচাকৈ কৈছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক"-অভিজিৎ শৰ্মা

Tarun Gogoi

ৰাজ্যবাসীৰ বাবে এক দুখবৰ।ৰাজ্যৰ দক্ষ ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক সংকটজনক।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক জটিল হোৱাৰ কথা সংবাদ মাধ্যমক জনালে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই।শৰ্মাই কয়-"মই সঁচাকৈ কৈছোঁ অধিক জটিল স্বাস্থ্যৰ অৱস্থা।"

ইফালে,প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা অধিক সংকটজনক বুলি খবৰ বিয়পি পৰাৰ লগে লগে বহু সংখ্যক গুণমুগ্ধই গগৈৰ খবৰ ল'বলৈ উপস্থিত হৈছেহি জিএমচিএইচত।ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহি স্বাস্থ্যৰ বুজ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

আনহাতে,গগৈ সুস্থ হৈ উঠাৰ বাবে ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত পূজা-অৰ্চনা আৰম্ভ হৈছে।

Your Comments