দেওবাৰে অসম সাহিত্য সভা ভৱনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত লেখিকা বিজুলী দাসৰ 'বিজ্ঞান বিশ্ব' আৰু "কোৰোনা ভাইৰাছ ক'ভিড-১৯" শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়।'বিজ্ঞান বিশ্ব' গ্ৰন্থখন উন্মোচন কৰে অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি তথা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসে।আনহাতে,"কোৰোনা ভাইৰাছ ক'ভিড-১৯" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে।কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ পাঠক,উপ-সভাপতি মহীধৰ ডেকা,প্রাক্তন পত্ৰিকা সম্পাদক প্ৰফুল্ল বৰ্মন,প্ৰাক্তন উপ-সভাপতি বিষ্ণু ডেকা,উপস্থিত থাকে।গ্ৰন্থখন প্ৰকাশ কৰিছে সৰস্বতী ডি এছ পাব্লিকেশ্বনৰ হৈ সুব্ৰত দেৱনাথে।উল্লেখ্য যে আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ শিল্পী হিচাপে স্বীকৃত বিজুলী ডেকা এগৰাকী বিজ্ঞান-কৰ্মী।তেওঁ 'উত্তৰ-পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয়' বঁটাকে ধৰি কেইবাটাও বঁটা ইতিমধ্যে লাভ কৰিছে।
- Log in to post comments
- 108 views