অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলেৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আৰু এজনক।বৃহস্পতিবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে কুমুদ কলিতা নামৰ শিক্ষকগৰাকীক।
দুমাহ ধৰি ধৃত অভিযুক্তগৰাকী পলাই আছিল। এই কথা জনালে চিআইডিৰ আইজি পি সুৰেন্দ্র কুমাৰে।
উল্লেখ যে কলিতাৰ বিৰুদ্ধে প্ৰাৰ্থীৰ পৰা অগ্ৰীম ধন সংগ্ৰহ কৰা অভিযোগ আছে।
উল্লেখ যে সমগ্ৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ২৪ গৰাকীক গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে।
যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হৈছিল পৰীক্ষা।
ইফালে দেওবাৰে পুনৰ দুমাহৰ অন্তত অনুষ্ঠিত হ'ব এছআই লিখিত পৰীক্ষা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হ'ব এই পৰীক্ষা।
- Log in to post comments
- 34 views