কৃষক নেতা অখিল গগৈৰ আজি জামিনৰ শুনানিৰ কি হ'ল,পঢ়ি জানি লওক

Akhil Gogoi

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পূৰ্ণ।গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ পক্ষ অধিবক্তাৰ শুনানি আজি সম্পূৰ্ণ হয়।

ভিডিঅ' কনফাৰেন্সিঙৰ জড়িিয়তে ন্যায়ালয়ে গ্ৰহণ কৰে শুনানি।কৃষক নেতা গগৈৰ পক্ষত যুক্তি আগবঢ়ায় উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হাজেফা এহমদীয়ে।

উল্লেখ যে নিয়াৰ ১৩/১৯ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হৈ থকা কৃষক নেতা গগৈৰ পৰৱৰ্তী শুনানিৰ দিন আদালতে ৮ ডিচেম্বৰ ধাৰ্য কৰিছে।উক্ত দিনা 'নিয়া'ৰ পক্ষৰ অধিবক্তাৰ যুক্তি গ্ৰহণ কৰিব আদালতে।

ইফালে,'নিয়া'ৰ পক্ষই উক্ত দিনা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নিয়োগ কৰাৰো অনুমতি বিচাৰে আজি আদালতক। নিয়াক সেই অনুমতি প্ৰদান কৰিছে।

গুৰুত্বপূৰ্ণ যে চান্দমাৰীৰ নিয়াৰ বিশেষ আদালতে গগৈক উক্ত গোচৰত জামিন প্ৰদান কৰিছিল।নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত নিয়াৰ পক্ষৰ অধিবক্তাই জামিন স্থগিত ৰাখিছিল।

Your Comments