ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত আক্ৰমণ

Attack on Journalist

'অসমীয়া প্ৰতিদিন' কাকতৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সংবাদদাতা মিলন মহন্তক জুৱাৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে বাতৰি পৰিৱেশনৰ বাবে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

সাংবাদিকজনে পলাশবাৰী আৰক্ষী থানাত দিয়া অভিযোগ অনুসৰি এই ঘটনাৰ মূল অভিযুক্ত ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়া আৰু দলৰ অন্যান্যই মিলি মিলন মহন্তক বজাৰ কৰি থকা অৱস্থাত প্ৰহাৰ কৰে।

সাংবাদিকগৰাকীয়ে দিয়া এজাহাৰত ভিত্তিত আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Your Comments