ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পোহৰৰ উৎসৱ দীপাৱলী উদ্যাপন কৰা হৈছে ৷ ক’ৰ’নাৰ বাবে সেই উৎসৱমুখৰ পৰিৱেশ কিছু সেমেকা যদিও উৎসাহ ম্লান পৰা নাই ৰাইজৰ ৷
কিন্তু তাৰ মাজতো আহিল উৎসৱৰ পৰিৱেশত অগ্নিকাণ্ডৰ খবৰ ৰাজ্যৰ বহুকেইখনঠাইৰপৰা।অগ্নিকাণ্ডৰ খবৰ অহা ঠাইকেইখন হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনাজৰী ল’জ, চিলাপথাৰ-উত্তৰ ধেমাজীৰ লাইপুলিয়া আৰু ডিফুৰ মানজা বজাৰ ৷ দীপাৱলীৰ আতচবাজী আৰু চাকিৰপৰাই সৃষ্টি হৈছিল জুই প্ৰায় গোটেইকেইখন ঠাইতে ৷
আনহাতে শিৱসাগৰত হোৱা অগ্নিকাণ্ডই এজন ব্যক্তিৰ প্ৰাণ ল’লে ৷
- Log in to post comments
- 17 views