সতীৰ্থ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত গুৱাহাটীত 'প্ৰতিদিন গোষ্ঠী'ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।উলুবাৰীৰ 'প্ৰতিদিন টাইম'ৰ কাৰ্যালয়ৰ সন্মুখত ক'লা বেজ পিন্ধি প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়।
"পৰাগক ন্যায় দিয়ক,হত্যাৰ আঁৰত কোন- উত্তৰ লাগে,সাংবাদিক হত্যা বন্ধ হওঁক" আদি বিভিন্ন শ্লোগানৰ প্লে'কাৰ্ড প্ৰদৰ্শন কৰে।
প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক ভূঞাই বহু সময়ত দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল।চোৰাং কয়লা- কাঠ ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল।
উল্লেখ যে বুধবাৰে সন্ধিয়া ঘৰৰ সমীপতে সাংবাদিকগৰাকীক এখন ডি আই বাহনে মহতীয়াই নিয়ে।চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।
উল্লেখ যে অসম জাতীয় পৰিষদৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ আছিল পৰাগ।পৰাগক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসী।
- Log in to post comments
- 10 views