ৰাজ্যজুৰি প্ৰৱল দাবীৰ পিছতে কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিআইডিৰ হাতত অৰ্পণ।মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে জনালে এই কথা।
উল্লেখ যে বুধবাৰে সন্ধিয়া ঘৰৰ সন্মুখতে ৰহস্যজনকভাৱে এখন ডিআই গাড়ীয়ে মহতীয়াই নিছিল সাংবাদিকগৰাকীক।ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল 'প্ৰতিদিন টাইম'ৰ কাকপথাৰৰ সাংবাদিকগৰাকী।
- Log in to post comments
- 6 views