৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ দিন ঘোষণা,পঢ়ি জানি লওক

Book fair

ক'ৰ'না ত্ৰাসৰ মাজতে পাঠক সমাজলৈ ভাল খবৰ।পূৰ্বৰ বৰ্ষসমূহৰ দৰে চলিত বৰ্ষটো অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা।৩০ ডিচেম্বৰৰ পৰা ১২দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গুৱাহাটী গ্ৰন্থমেলা।এই কথা জনালে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

উল্লেখ যে ক'ৰ'না ভাইৰাছ সন্দৰ্ভত শিথিলতা জাৰি হোৱাৰ বাবে সাৱধানতা মানি আয়োজন কৰা গ্ৰন্থমেলাৰ মণ্ডপ নিৰ্মাণৰ আৰম্ভ হ'ব ১৫ ডিচেম্বৰ পৰা।

চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব উক্ত গ্ৰন্থমেলা।

ইফালে,গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ বিচৰা বিপনীসমূহে ১ ডিচেম্বৰৰ পৰা আবেদন-পত্ৰ সংগ্ৰহ কৰিবলৈ পাৰিব।প্ৰকাশন পৰিষদৰ কাৰ্যলয় অথবা ৱেবচাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদন-পত্ৰ।সচিব কলিতাই লগতে কয়।

গুৰুত্বপূৰ্ণ যে বিপনীৰ আবেদন জমা দিয়াৰ অন্তিম দিন ১০ ডিচেম্বৰ।ডাকযোগে প্ৰেৰণ কৰা আবেদন ১২ ডিচেম্বৰলৈ গ্ৰহণ কৰিব।

Your Comments