বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নাওবৈছা সমষ্টিৰ এআইইউএফ বিধায়ক মামুুুন ইমদাদুল হক চৌধুৰীৰ 'মুখ্যমন্ত্ৰিত্বৰ ভয়' শীৰ্ষক গ্ৰন্থখন।ৰাজ্যৰ ৰাজনৈতিক,আৰ্থ- সামাজিক ঘটনা-পৰিঘটনা সামৰি আখৰ প্ৰকাশনৰ উদ্যোগত প্ৰকাশ পোৱা গ্ৰন্থখন উন্মোচন কৰে বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্যই।উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল।
গ্ৰন্থখন উন্মোচন কৰি বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ বৈশ্যই কয়-"লেখকে আমাৰ সমাজত চলি থকা সংখ্যালঘু আৰু সংখ্যাগুৰু দ্বন্দখনৰ বিষয়ে সুন্দৰকৈ তুলি ধৰিছে।গ্ৰন্থখন সকলোৱে পঢ়িব লাগে।"
উল্লেখ যে যুৱ বিধায়ক চৌধুৰীৰ এয়া হৈছে অষ্টমখন প্রকাশিত গ্ৰন্থ।
গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা মীৰা বৰঠাকুৰৰ দৰে বিশিষ্ট ব্যক্তিসকল।
- Log in to post comments
- 7 views