শৰাইঘাট দলঙত পুনৰ মেলিছে ফাঁট:নিতৌ যানজঁট

Saraighat

উ:-পূব সীমান্ত ৰে'লৱেৰ হাতত মেৰামতিৰ দায়িত্ব থকা ঐতিহ্যমণ্ডিত শৰাইঘাট দলঙত পুনৰ মেলিছে ফাঁট।অভিযোগ উঠিছে মেৰামতিৰ দায়িত্বত থকা একাংশ উচ্চপদস্থ বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰিছে শৰাইঘাট দলংখন।

Saraighat

ডেৰবছৰৰ পূৰ্বে ৯ কোটি টকা ব্যয়েৰে তিনিমাহ পথবন্ধ কৰি মেৰামতি কৰা দলংখনত পুনৰ ফাঁট মেলা কাৰ্যত সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছে।যিহেতু দলঙৰ ফাঁটৰ বাবে নিতৌ সৃষ্টি হ’বলৈ ধৰিছে যান-জঁটৰ ৷ 

স্থানীয় লোকে এইবাৰ পূৰ্বতকৈও অধিক শোচনীয়ভাৱে ফাঁট মেলাত এয়া উঃ-পূব ৰে'লৱেৰ চূড়ান্ত গাফিলতি বুলি বিষোদ্‌গাৰ কৰিছে ৷

Your Comments