সংঘর্ষৰ প্রায় তিনি সপ্তাহ অতিক্রম কৰিলে। কিন্তু এতিয়াও উত্তপ্ত অসম-মিজোৰাম সীমান্ত। সেই উত্তেজনা প্রশমনৰ বাবে শীঘ্রে কেন্দ্রীয় বাহিনী নিয়োগ কৰা হ’ব পাৰে বুলি জনালে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷
যোৱা ১৭ অক্টোবৰত অসমৰ কাছাৰ জিলাৰ লাইলাপুৰৰ গাওঁবাসীৰ লগত মিজোৰামৰ কোলাচিব জিলাৰ বাইৰেংতৰ বাসিন্দাসকলৰ সংঘর্ষ বাঢ়ি যায়। সেই ঘটনাত আহত হৈছিল বহু লোক । তাৰপিছত দুইখন ৰাজ্যৰ ১৬৪.৬ কিলোমিটাৰ দীর্ঘ সীমান্তত উত্তেজনাৰ সূত্ৰপাত ঘটে । অসমৰ দাবী যে, মিজোৰামৰ নিৰাপত্তাবাহিনী অসমৰ ভূখণ্ডত বলপূৰ্বক দখল কৰিছে যদিও সেই দাবী অস্বীকাৰ কৰি মিজোৰামে কৈছে যে এই এলেকাটো মিজোৰামৰ ভূখণ্ডৰ অন্তৰ্ভুক্ত । সেই দাবীত ২৮ অক্টোবৰত লাইলাপুৰৰ বাসিন্দাই মিজোৰামলৈ যোৱা ৩০৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল।
তাৰ মাজতে সোমবাৰে মিজোৰাম পুলিচৰ জিম্মাত থকা অৱস্থাতে এজন অসমীয়াৰ মৃত্যুৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। অসমৰ দাবী ব্যক্তিজনক অপহৰণ কৰা হৈছিল ৷ যদিও মিজোৰাম প্ৰশাসনে জনোৱা মতে উক্ত ব্যক্তিজন সুৰা ব্যৱসায়ী চক্রৰ লগত জড়িত আছিল।সুৰা বিক্রিৰ বাবে মিজোৰামত প্রৱেশ কৰাৰ পিছত তেওঁক আটক কৰা হৈছিল।
ঘটনাৰ পৰৱৰ্তী দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশত মুখ্য সচিব ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সৈতে সীমান্তৱৰ্তী ৰাজ্যখনত উপস্থিত হৈছিল আৰু কেন্দ্ৰীয় বাহিনী নিয়োগ সন্দৰ্ভত আলোচনা আগবঢ়ায়।
- Log in to post comments
- 12 views