চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়াস আৰু চহৰখন আৱৰ্জনামুক্ত বুলি নিশ্চিত কৰিবৰ বাবে গুৱাহাটী পৌৰ সভাই আৰম্ভ কৰিছে আৱৰ্জনা সংগ্ৰহত নিয়োজিত বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ কৰ্ম সন্দৰ্ভত জনতাৰ মতামতৰ বাবে এক নতুন ছফ্টৱেৰ মুকলি কৰিছে।এই ছফটৱেৰটো ৩০ অক্টোবৰ তাৰিখে মুকলি কৰে উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
এই ছফ্টৱেৰৰ জৰিয়তে জনসাধাৰণে নিয়মিতভাৱে প্ৰেৰণ কৰিব পাৰিব নিজৰ মতামত।https://gmcassam.in/feedback/ এই লিংকত গৈ গুৱাহাটী নগৰবাসীয়ে প্ৰেৰণ কৰিব পাৰিব নিজৰ মতামত।নতুন ছফ্টৱেৰটোৱে আৱৰ্জনা সংগ্ৰহৰ সকলো কাম-কাজ সুচাৰুৰূপে নিৰীক্ষণ কৰাত পৌৰসভা কৰ্তৃপক্ষক সহায় কৰিব বুলি আশা কৰা হৈছে।মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জনোৱা অনুসৰি মতামত প্ৰকাশ কৰা প্ৰত্যেকটো সমস্যাৰ তদন্ত ততালিকে কৰা হ’ব আৰু সমাধান কৰা হ’ব।
গুৱাহাটী চহৰত মুঠ ৯০ টাতকৈও অধিক বেচৰকাৰী সংস্থা আছে,যি গুৱাহাটী পৌৰ নিগমৰ হৈ চহৰখনৰ আৱৰ্জনাসমূহ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰে।তথ্য অনুসৰি জনসাধাৰণৰ অভিযোগৰ ভিত্তিত কৰা তদন্তৰ অন্তত ছটা বেচৰকাৰী সংস্থাৰ চুক্তি ইতিমধ্যে বাতিল কৰা হৈছে।
- Log in to post comments
- 12 views