হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত নগঞাপাম কান্ধুলিমাৰী অঞ্চলৰ পৰা সোমবাৰে পৰিত্যক্ত অৱস্থাত এখন চুৰি গাড়ী যমুনামুখ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ কোনো গাড়ী চোৰ চক্ৰই গাড়ীখন এনেদৰে পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত থকা মহেন্দ্ৰ পিক্-আপ বাহনখন উদ্ধাৰ কৰি যমুনামুখ থানালৈ লৈ যায় ৷ বাতৰি অনুসৰি, যোৱা ৩ ছেপ্টেম্বৰত যমুনামুখ আৰক্ষীয়ে নগঞাপাম কান্ধুলিমাৰী অঞ্চলত এখন গাড়ী পৰিত্যক্ত অৱস্থাত থকা বুলি স্থানীয় উৎসৰ পৰা খবৰ লাভ কৰে ৷
লগে লগে আৰক্ষীয়ে ঠাইডোখৰত উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰে ৷ গাড়ীখনত এম এল-১৩-৬৫১৩ নম্বৰৰ এখন ভুৱা নম্বৰ প্লেট লগাই থোৱা আছিল ৷ আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷
তদন্তত গাড়ীখনৰ প্ৰকৃত নম্বৰ পোহৰলৈ অহাত আৰক্ষীয়ে গাড়ীৰ প্ৰকৃত গৰাকীক খবৰ দিয়ে ৷ আৰক্ষীয়ে দিয়া তথ্যানুসৰি, গাড়ীখনৰ গৰাকী হ'ল গোলাঘাট জিলাৰ এলেংমূৰীয়া গাঁৱৰ গকুল দত্তৰ পুত্ৰ মৌচম দত্ত আৰু গাড়ীখনৰ প্ৰকৃত পঞ্জীয়ন নম্বৰ হৈছে এ এছ-০৩ বি চি-৩৩৬৪ ৷
বাতৰি অনুসৰি, গাড়ীখন যোৱা ১ ছেপ্টেম্বৰৰ নিশা তেজপুৰৰ পৰা চুৰি হৈছিল ৷ এটা কুখ্যাত গাড়ী চোৰ চক্ৰই গাড়ীখনৰ চালকৰ পৰা চুৰি কৰি লৈ গৈছিল ৷ এই সংক্ৰান্তত গাড়ীখনৰ গৰাকীয়ে তেজপুৰ আৰক্ষী থানাৰ অধীনত থকা বিহুঘূৰী উপ-আৰক্ষীচকীত এখন এজাহাৰ দাখিল কৰে ৷
তেজপুৰ আৰক্ষীয়ে ১৮২৮/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ৷ বাতৰি লিখা পৰলৈকে ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই ৷
- Log in to post comments
- 13 views