জনপ্ৰিয় ই-কাব্যালোচনী 'আস্থা'ৰ শাৰদীয় সংখ্যা প্ৰকাশ

Astha

নৰেন শৰ্মা,বাহাৰঘাট:

সম্প্ৰতি ক'ৰ'না মহামাৰী তথা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বহু আলোচনী- কাকত বিভিন্ন ধৰণৰ অসুবিধাৰ ফলত বন্ধ হ'বলৈ ধৰিছে।লগতে বহু ছপা আলোচনী ইন্টাৰনেট মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰাৰ দিহা কৰা হৈছে ।এনে  সময়তে ২০১৮  চনৰ পৰা নিৰবিচ্ছিন্নভাৱে নলবাৰীৰ পৰা প্ৰকাশ পাই অহা মাহেকীয়া ই-কাব্যালোচনী 'আস্থাই উন্মোচন কৰিলে শাৰদীয় বিশেষ সংখ্যা । আকৰ্ষণীয় ৰূপত প্ৰকাশ পোৱা শাৰদীয় সংখ্যা প্ৰণৱ কুমাৰ বৰ্মন, হিমাংশু প্ৰসাদ দাস, ড: শিখামণি শৰ্মা, ডাঃ প্ৰণৱ চক্ৰৱৰ্তী, দিপালীমা দত্ত, জয় চন্দ্ৰ শৰ্মা, জাচিংফা গগৈ আদি কৰি জনপ্ৰিয় তথা অৰ্ধ শতাধিক তৰুণ কবিৰ কবিতাৰে ভৰপূৰ । ইয়াৰ উপৰিও নিউয়ৰ্ক, চান হ'জে, কেলিফ'ৰ্নিয়া নিবাসী অসমীয়াৰ কবিতা প্ৰকাশ পাইছে এই সংখ্যাটোত । 'ৱিমেনজ কলেজ', তিনিচুকীয়াৰ ছাত্ৰীসকলে সজাই-পৰাই তুলিছে মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ কবিতাৰ শিতানটো।বেটুপাতত দেখা পোৱা গৈছে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা জুবিন গাৰ্গ পৰিচালিত 'কাঞ্চনজঙ্ঘা'ৰ অভিনেত্ৰী জেৰিণা বৰুৱাক । আলোচনীখনৰ সম্পাদক চিন্ময় কলিতাই জনোৱা মতে ইতিমধ্যে অসম তথা মেঘালয়, অৰুণাচল, নগালেণ্ড, গুজৰাট, হায়দৰাবাদ, দিল্লী, বেংগালুৰু,কলকাতা আদিৰ লগতে নিউয়ৰ্ক,চান হ'জে,কেলিফ'ৰ্নিয়া,ডুবাই আদিত প্ৰৱাসী অসমীয়াৰ মাজত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে ই-কাব্যালোচনী 'আস্থা'।

Your Comments