বনকৰা কিশোৰ নিৰ্যাতনত অভিযুক্ত মিতালী-সিদ্ধিক পুৱা অনা হ'ল ডিব্ৰুগড়লৈ

Siddhi-Mitali

*অধ্যক্ষা মিতালীয়ে মৰাণ মহাবিদ্যালয়ত বন ধ্বংস কৰাৰো আছে গুৰুতৰ অভিযোগ*

ঘৰত বনকৰা কিশোৰৰ গাত গৰম পানী ঢালি নিৰ্যাতন চলোৱা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ আৰু চিকিৎসক স্বামী সিদ্ধিপ্ৰসাদ দেউৰীক ৰাতিয়ে লৈ যোৱা হয় ডিব্ৰুগড়লৈ।শনিবাৰে ৰাতি ৰহা আৰক্ষীয়ে গুৱাহাটীৰ পৰা গৈ থকা অৱস্থাত ৰহাৰ টোলগেটত গ্ৰেপ্তাৰ কৰে দেউৰী দম্পতীক।এএছ ০৬বি-৩৮৩৯ নম্বৰৰ ইন'ভা গাড়ীৰে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা দম্পতীহালক ৰাতিয়েই ডিব্ৰুগড় সদৰ আৰক্ষী এটা দলে লৈ যায় ডিব্ৰুগড়লৈ।বৰ্তমান ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে মিতালী আৰু সিদ্ধিক।

উল্লেখ যে যোৱা ২৭ আগষ্টত ঘৰত বনকৰা যোৰহাটৰ ১২ বছৰীয়া এটি কিশোৰৰ দেহত গৰম পানী ঢালিছিল মিতালী আৰু সিদ্ধিয়ে।পৰৱৰ্তী সময়ত ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ এগৰাকী লোকে পোহৰলৈ আনিছিল সমগ্ৰ ঘটনা।ঘটনাৰ সৱিশেষ ৩১ আগষ্টত অধিক পোহৰলৈ অহাত দম্পতীহালৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।তাৰ পিছৰে পৰা আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল।

গুৰুত্বপূৰ্ণ যে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ এনে নিৰ্লজ্জ কাণ্ডৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজ,মহাবিদ্যালয় কৰ্মচাৰী সন্থা আৰু সমগ্ৰ মৰাণবাসী ৰাইজে গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছিল।উল্লেখ যে মহাবিদ্যালয়খনত অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰি একছত্ৰী শাসন আৰম্ভ কৰাৰো অভিযোগ উত্থাপন হৈছে মিতালী কোঁঁৱৰৰ বিৰুদ্ধে।অভিযোগ উঠিছে মহাবিদ্যালয়ত গছ-গছনি কাটি তহিলং কৰি প্ৰকৃতি ধ্বংস কৰাৰ।

Your Comments