"নিৰ্বাচনী বছৰৰ বাবে সাঁচি ৰখা টকা ক'ভিডত লগাইছোঁ"-ড: হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

ক'ৰ'নাত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি।এই কথা শুকুৰবাৰে অকপটে স্বীকাৰ কৰিলে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।ক'ৰ'নাৰ সৈতে যুঁজখনৰ বাবে ৰাজ্যৰ ৰাজকোষত অধিক প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় -"দুটা বছৰৰ আগৰে পৰা নিৰ্বাচনী বছৰৰ বাবে সাঁচি ৰখা টকা ব্যয় কৰা হৈছে ক'ভিডত।"

ক'ৰ'না চিকিৎসা বিনামূলীয়া নহ'ব বুলি বিভিন্ন মাধ্যমত ওলোৱা খবৰ সন্দৰ্ভত মন্ত্ৰী ড: শৰ্মাই কয়-"পেয়িং কেবিনত থকা ক'ৰ'না ৰোগীয়ে ভৰিব লাগিব ভাড়া।জেনেৰেল ৱাৰ্ডত থকাসকলৰ ভাড়া লোৱা নহয়।একেদৰে নাৰ্ছিং হোমত থকা ক'ৰ'না আক্রান্তই যদি প্লাজমা ল'ব লগা হয়,তেন্তে তেওঁ প্লাজমা কিটৰ মূল্য ভৰিব লাগিব।বাকী চৰকাৰী চিকিৎসালয়ত থকাসকলে তাকো ভৰিব নালাগে।"

সুস্থ ক'ৰ'না আক্রান্ত নিজে ঘৰলৈ যাব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"যদি ৰোগীগৰাকী একেখন জিলাৰ হয়,তেতিয়া তেওঁ নিজে যাব আৰু অন্য জিলাৰ হ'লে স্বাস্থ্য বিভাগে থৈ আহিব।"২৪ ঘন্টাৰ ভিতৰত ক'ভিড ফলাফল লাগিলে ভৰিব লাগিব মাচুল।লগতে তেওঁ কয়।

শুকুৰবাৰে জনতা ভৱনৰ সংবাদমেলত এই কথা কয় মন্ত্ৰীগৰাকীয়ে।

Your Comments