লকডাউনে বিধ্বস্ত কৰিলে গুৱাহাটীৰ অট' চালকসকলক:মাহী আইৰ দৃষ্টিৰে চাইছে ৰাজ্য চৰকাৰে

Auto

"চন্দ্ৰমোহন পাটোৱাৰীয়ে সংগঠনত থাকোঁতে ব্যৱহাৰ কৰা অট'ভাড়া আজিও দিবলৈ আছে"- ইউচুফ আহমেদ,গুৱাহাটী অট'ৰিক্সা মালিক সন্থাৰ সভাপতি*

*অট'ৰিক্সাত উঠি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল,কিন্তু আজি আমাক মাহী আই দৃষ্টিৰে চায়- আহমেদ*

"ক'ৰ'না ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ ঘোষণা কৰা লকডাউনে কোঙা কৰিলে গুৱাহাটী মহানগৰীৰ প্ৰায় দহ হাজাৰ অট' ৰিক্সাচালকৰ জীৱন।অট'ৰিক্সাত উঠি সংগঠন কৰি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল,পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চিন্তা নকৰিলে আমাৰ কথা"-এই গুৰুতৰ অভিযোগ গুৱাহাটী অট'ৰিক্সা মালিক সন্থাৰ সভাপতি ইউচুফ আহমেদৰ।"অট'ৰিক্সা চলাই  পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ চালকসকলে পৰিয়াল চলাবলৈ দিন হাজিৰা,শাক-পাচলি বিক্ৰী কৰিব লগা হৈছে।তেনে সময়ত ৰাজ্য চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱা হৈছিল।কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক ফোন যোগে বাৰ্তালাপ কৰি হাতে লিখা পত্ৰৰ জৰিয়তে আমাৰ সমস্যাসমূহ অৱগত কৰা হৈছিল।সমস্যাসমূহ অৱগত কৰাৰ পিছত কোনো ধৰণৰ সহায় নোপোৱাত জিলা প্ৰশাসনৰ  কাৰ্যালয়ত খবৰ কৰাত মন্ত্ৰী লকডাউন সামান্য শিথিল কৰি দিয়াৰ বাবে  মন্ত্ৰী সিদ্ধাৰ্থ  ভট্টাচাৰ্য্যই সাহায্য বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে জানিবলৈ দিয়ে জিলা প্ৰশাসনৰ কাৰ্যলয়ে"-আহমেদে লগতে কয়।

বৰ্তমান চৰকাৰৰ দিনত অট'চালকসকল অৱহেলিত হোৱা বুলি গুৰুতৰ অভিযোগ তুলি সভাপতিগৰাকীয়ে কয়-"আমি যেন অসমৰ জনগণ তথা ভাৰতীয় নাগৰিক নহয়,তেনে মাহী আই দৃষ্টিভঙ্গীৰে চাইছে।আমাৰ দৰিদ্ৰ চালকসকলৰ বাবে পইচা বিচৰা নাছিলো, যাতে জীয়াই থাকিব পাৰে,তাৰ বাবে খাদ্য সামগ্ৰীৰ টোপোলাহে বিচাৰিছিলো।চৰকাৰৰ পৰা এটাও টোপোলা ওলাই নপৰিল আমাৰ বাবে।"

"সংগঠন কৰি থকাৰ সময়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে অট'ৰিক্সাত উঠা বাকী আজি    পৰ্যন্ত পাবলৈ আছে।তেওঁ মন্ত্ৰী হৈ আমাৰ বাবে এটা সদ্ভাৱ থাকিব লাগিছিল,কিন্তু সেয়া আমি নাপালোঁ"- আহমেদে কয়।

ইফাল,জিলা পৰিবহনণ বিভাগৰ কাৰ্যালয়ত অট'ৰিক্সাসমূহৰ নথি- পত্ৰ আপডেট কৰোতে এতিয়া পৰা কেচলেছ নিয়ম হ'ব বুলি যি খবৰ প্ৰকাশ পাইছে,তাৰো তেওঁলোকে বিৰোধিতা কৰে।এই সন্দৰ্ভত কয়-"আমাৰ খাবলৈ টকা নহয়,বেংকত থবলৈ টকা কৰ পৰা হ'ব।এই নিয়মৰ পৰা ৰেহাই দিব লাগে আমাক।"

"গুৱাহাটীত চলাচল কৰা অট'সমূহ সন্থাৰ অন্তৰ্ভুক্ত হয় নাই সেয়া নিৰীক্ষণ কৰা হ'ব।সন্থাৰ অন্তৰ্ভুক্ত চালকসকলক আই কাৰ্ড প্ৰদান কৰা সন্দৰ্ভত সন্থাই চিন্তা কৰিছে।অট'ৰিক্সাৰ প্ৰতি ৰাইজৰ হেৰাই যোৱা আস্থা ঘূৰাই আনিব লাগিব"-আহমেদে মন্তব্য কৰে।

Your Comments