মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই ঋণগ্ৰস্ত প্ৰয়াত ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰ পৰিয়াল:সমস্যামুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী বৰপেটাবাসীৰ

Late DekaSatriya

*ডেকাসত্ৰীয়াৰ বাইপাছ চাৰ্জাৰীৰ ব্যয় বহনৰ  প্ৰতিশ্ৰুতি দি পাহৰিলে মুখ্যমন্ত্ৰী সোণোৱালে:ক্ষোভ উজাৰিছে বৰপেটাবাসীয়ে*

ক্ষোভিত বৰপেটাবাসী।ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওপৰত ক্ষোভিত বৰপেটাবাসী।কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি সেয়া বাস্তৱত ৰূপায়ণ নকৰিলে।জানিব পৰা মতে,বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰ বাইপাছ চাৰ্জাৰীৰ চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।সেইমৰ্মে গুৱাহাটীৰ এপ'ল হাস্পতালত যোৱা ২২ মে'ত বাইপাছ চাৰ্জাৰী সম্পন্ন হৈছিল বাপজনাৰ ।কিন্তু বাপজনাৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ কথা প্ৰকাশ কৰাৰ পিচতো শেষ মুহূূৰ্তত তেওঁৰ চিকিৎসাৰ ব্যয় বহন নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ ফলত অস্ত্ৰোপচাৰৰ পিছত বাপজনাক ডিচাৰ্জ দিয়াৰ পিচতো প্ৰায় দহদিন ধৰি ধনৰ অভাৱত নাৰ্চিংহোমৰ পৰা উলিয়াই আনিব পৰা নাছিল বাপজনাৰ পত্নীয়ে।অৱশেষত ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ কোনো আশা নেদেখি বাপজনাৰ পত্নীয়ে গুৱাহাটীৰ পৰা বৰপেটালৈ আহি বিভিন্নজনৰ পৰা ধাৰ-ঋণ লৈ বাপজনাক নাৰ্চিংহোমৰ পৰা ৰিলিজ কৰি ঘৰলৈ লৈ আহিছিল।আনহাতে,প্ৰায় দহ লাখ টকাৰ বিল পৰিশোধ কৰিব হোৱাত পৰিয়ালটোৰ কথা চিন্তা কৰিয়েই নাৰ্চিং হোম কৰ্তৃপক্ষ,ডাঃ তন্ময় দাস আদিৰ লগতে বিভিন্নজনৰ আৰ্থিক সহায়ত কোনোমতে বাপজনাক ঘৰলৈ লৈ আহিবলৈ সক্ষম হৈছিল দুৰ্ভগীয়া পৰিয়ালটোৱে৷কিন্তু ঘৰলৈ লৈ অনাৰ পিছত হঠাৎ অসুস্থ হৈ পৰা ডেকাসত্ৰীয়া বাপজনাই ২৫ আগষ্টত সকলোকে এৰি বৈকুন্ঠ ধামলৈ গতি কৰে।পিছে ডেকাসত্ৰীয়া বাপজনাৰ মৃত্যুত শোকাহত পৰিয়ালটো সম্প্ৰতি সন্মুখীন হৈছে আন এক ভয়াৱহ সংকটৰ ৷বিশেষকৈ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া বাপজনাৰ চিকিৎসাৰ নামত ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোৱে কিদৰে বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিব,সেই কথাই গভীৰভাৱে চিন্তিত কৰিছে বাপজনাৰ পত্নীক।সেয়ে ডেকাসত্ৰীয়া বাপজনাৰ মৃত্যুৰ পিচত বাপজনাৰ চিকিৎসাৰ বাবে ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোক উদ্ধাৰৰ বাবে ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।আনহাতে, সত্ৰীয়া সাধকগৰাকীৰ অবৰ্তমানত পৰিয়ালটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু বাপজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনেৰে বাপজনাৰ পৰিয়ালক শিল্পী পেঞ্চন দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে বৰপেটাৰ সত্ৰবাসী ৰাইজ আৰু দল-সংগঠনসমূহে ৷

Your Comments