ক'ৰ'নাত আক্রান্ত হৈ গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে নিশা স্বাস্থ্যৰ অৱনতি।সোমবাৰে নিশা গগৈৰ দেহত হঠাৎ অক্সিজেনৰ পৰিমাণ কমি গৈছিল।অক্সিজেনৰ পৰিমাণ মুহূৰ্ততে হ্ৰাস হৈছিল ৮৮% লৈ।তেতিয়া তেওঁক নিশায়ে প্ৰদান কৰা হয় প্লাজমা।উল্লেখ যে অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্লাজমা প্ৰদানৰ পিছতে উন্নত হয় স্বাস্থ্য।এই কথা জনালে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই।বৰ্তমান ৯৭-৯৮% অক্সিজেনৰ পৰিমাণ বৃদ্ধি হৈছে।
"গগৈ বৰ্তমান প্ৰায় সুস্থ।ক'ৰ'নাৰ অন্য কোনো লক্ষণ নাই তেওঁৰ দেহত।কথা পাতি আছে"- জানিবলৈ দিয়ে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই।"চিন্তাৰ কোনো কাৰণ নাই।ৰাতি টোপনি আহিছে।ব্ৰেকফাৰ্ষ্ট গ্ৰহণ কৰিছে"- তেওঁ লগতে কয়।
ইফালে,প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা নিশায়ে জিএমচিএইচত উপস্থিত হয়।
- Log in to post comments
- 38 views