বৰপেটা জিলাৰ বি.এইচ কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক-সংস্কৃতিৰ সাধিকা-গৱেষিকা ফুল কুমাৰী কলিতা আৰু নাই।বিগত কিছুবছৰ ধৰি গুৰুতৰ শাৰীৰিক অসুস্থতাত ভুগি থাকি অৱশেষত দেওবাৰে ৭১বছৰ বয়সত ডিগবৈত তেখেতৰ মৃত্যু হয়।লোক-সস্কৃতিৰ গৱেষিকা,সুবক্তা তথা এগৰাকী শিল্পী হিচাপে সমাজত বিশেষভাৱে পৰিচিত কলিতাই কেবাখনো লোক-সংস্কৃতিৰ অমূল্য গ্ৰন্থ ৰচনা কৰিছিল।তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে--সখী ঐ সখী ( ১৯৯২ ), আয়তীৰ উৰুলি ( ১৯৯২ ),গুৱাগাছা সত্ৰৰ চমু আভাস ( ১৯৯৯ ),লােক-সংস্কৃতিৰ দাপােন (২০০০ ),লােক-সংস্কৃতিত গালি-শপনি ( ২০০৯ ),লােক-সংস্কৃতিৰ সুবাস (২০১৩),আমাৰ সত্ৰ,আমাৰ ঐতিহ্য ( ২০১৩ ), সম্পাদিত গ্রন্থ-লােককৃষ্টি আৰু নাৰী ( ১৯৯৩)।
তদুপৰি,তেখেতে ভালেমান আলোচনা, বাতৰি কাকতত বিভিন্ন প্ৰৱন্ধ পাতি লিখি অসমীয়া লোক,-সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ গৈছেে।ফুুুল কুমাৰী কলিতাই সাহিত্য-সংস্কৃতিৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই তেখেতক প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানিত কৰিছিল ৷এইগৰাকী বিশিষ্ট শিল্পীৰ মৃত্যুৰ খবৰত এতিয়া সমগ্ৰ বৰপেটা জিলাতে শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 38 views