*ৰাজ্য চৰকাৰে নিজাকৈ দিব নোৱাৰিব লকডাউন*
দেশত ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব 'লকডাউন-৪'।ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে আনলক-৪ৰ নতুন নিৰ্দেশনাৱলী ইতিমধ্যে প্ৰকাশ কৰিছে।ভাৰত চৰকাৰে প্ৰকাশ কৰা নতুন নিৰ্দেশনাত বহুকেইটা দিশত শিথিলতা আৰোপ কৰা হৈছে।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ নোপোৱাকৈ ৰাজ্যসমূহে এতিয়াৰে পৰা ঘোষণা কৰিব নোৱাৰিব লকডাউন।
দেশত ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান।সময়ছোৱাত অনলাইন পাঠদান চলি থাকিব।অনলাইন পাঠদানৰ বাবে ৫০ শতাংশ শিক্ষক-কৰ্মচাৰী আহিব পাৰিব শিক্ষানুষ্ঠানলৈ।
নৱম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা কৰিলে স্কুললৈ আহি শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।অৱশ্যে এই সন্দৰ্ভত পিতৃ-মাতৃ,অভিভাৱকৰ পৰা লিখিত অনুমতি থাকিব লাগিব।কণ্টেইনমেণ্ট জ’নৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত এই নীতি প্ৰযোজ্য হ’ব।নীতিসমূহ ২১ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ’ব।
গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষানুষ্ঠান খোলা থাকিব।লগতে কাৰিকৰী আৰু বৃত্তিমূলক বিষয়ৰ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবেও উচ্চ শিক্ষানুষ্ঠান খুলিব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ আছে।
৭ ছেপ্টেম্বৰৰ পৰা চলাচল কৰিব মেট্ৰ'ৰেল।
সামাজিক,সাংস্কৃতিক,একাডেমী,খেল, মনোৰঞ্জন,ধৰ্মীয় অনুষ্ঠান,ৰাজনৈতিক কাৰ্যসূচী আৰু অন্যান্য কাৰ্যসূচীৰ বাবে দিয়া হৈছে অনুমতি।অৱশ্যে ১০০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।এই নিয়ম ২১ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ'ব।ক'ভিড প্ৰট'কলৰ নিয়মসমূহ মানি চলিব লাগিব।
আন্তঃৰাজ্যিক আৰু আন্ত:জিলা যাতায়তৰ ব্যৱস্থাত নাথাকিব কোনো বাধা।
৬৫ বছৰৰ ওপৰৰ ব্যক্তি,১০ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা বিনা কাৰণত বাহিৰলৈ ওলোৱাত থাকিব বাধা।
- Log in to post comments
- 68 views