ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে ১২ ছেপ্টেম্বৰত প্ৰদান কৰিব চলিত বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 'ষ্টাৰ মাৰ্ক' প্ৰাপ্ত মেধাৱী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা।লেপটপৰ বিপৰীতে ২০হাজাৰ টকাকৈ দিয়া হ'ব মেধাৱীসকলক।সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
"চলিত বর্ষত ৰাজ্যৰ ১৬,৯৪৪ গৰাকী মেধাৱীয়ে লাভ কৰিছিল 'ষ্টাৰ মাৰ্ক'।ৰাজ্য চৰকাৰে বঁটাৰ বাবদ ব্যয় কৰিব ৩৩-৩৪ কোটি টকা"-জনতা ভৱনৰ সংবাদমেলত মন্ত্ৰী ড: শৰ্মাই কয়।
গুৰুত্বপূৰ্ণ যে ক'ৰ'নাৰ বাবে লেপটপৰ পৰিৱৰ্তে শিক্ষা বিভাগে এইবাৰ প্ৰদান কৰিব নগদ ধন।ইতিমধ্যে আবেদন কৰা শিক্ষৰ্থীসকলৰ বেংক একাউন্টত দিয়া হ'ব ধন।
- Log in to post comments
- 15 views