JEE-NEET বাতিল কৰাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

Congress protest

*"ছাত্ৰ-ছাত্ৰীৰ জীৱনটো অতি মূল্যৱান"-ৰিপুন বৰা*

JEE আৰু NEETপৰীক্ষা স্থগিত ৰখাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।গুৱাহাটীৰ ৰ'টাৰী ক্লাবৰ সমীপত শতাধিক কংগ্ৰেছ কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদী।নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে দেশজুৰি অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণাৰ নেতৃত্ব দিয়ে সভাপতি ৰিপুন বৰাই।

বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদান কৰে কংগ্ৰেছকর্মীসকলে।বিজেপি গ' বেক,নৰেন্দ্ৰ মোডী হায় হায়,ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক,JEE-NEET পৰীক্ষাৰ বাতিল কৰক আদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে।

কামৰূপ(ম) জিলা কংগ্ৰেছৰ লগতে এনএছইউআইৰ কামৰূপ জিলা সমিতিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে।ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰিপুন বৰাই বিজেপি চৰকাৰক জেদী চৰকাৰ আখ্যা দিয়ে।"ছাত্ৰ-ছাত্ৰীৰ তথা নৱপ্ৰজন্মৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিব পাৰে।দেশত ক'ৰ'নাৰ ব্যাপক  সংক্ৰমণৰ লগতে বিভিন্ন ৰাজ্যত হৈ থকা বানপানীৰ বাবে বৰ্তমান JEE আৰু NEET পৰীক্ষা বাতিল কৰিব লাগে"-বৰাই কয়।"পৰীক্ষা নাপাতিবলৈ।আমি কোৱা নাই,কিন্তু বৰ্তমান পৰিস্থিতিত পতাটোৰ আমি বিৰোধিতা কৰিছোঁ"-লগতে কয়।

ছাত্ৰ-ছাত্ৰীৰ জীৱনটো হৈছে অতি গুৰুত্বপূৰ্ণ।কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত প্ৰজন্ম।কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাই বুলি উল্লেখ কৰি বৰাই কয়-"দেশৰ এটা বছৰ ৰক্ষা কৰিবলৈ গৈ যদি কোটি কোটি মানৱ সম্পদ ধ্বংস হয়।তেন্তে এটা বছৰ বচাই কোনো লাভ  নহ'ব।"

পহিলা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বিৰোধিতা কৰি তেওঁ আৰু কয় - "চৰকাৰে সময় লওঁক।পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিবলৈ দিয়ক।ছাত্ৰ-ছাত্ৰীৰ জীৱনটো আমাৰ বাবে অধিক মূল্যৱান।"

উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত দেশত JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

Your Comments