*লকডাউনত তেওঁলোকৰ পকেট খালি হ'ল বাবে বিজেপিলৈ গৈছে-অনুুুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস*
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা'ৰ বিৰোধিতা কৰা ৰাজ্যৰ একাংশ সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত ব্যক্তিয়ে মঙলবাৰে বিজেপিত যোগদান কৰাৰ পিছতে আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া।বিভিন্ন মাধ্যমত সমালোচনাৰে থকা-সৰকা কৰিছে সাংস্কৃতিক জগতৰ সুবিধাবাদী কর্মীসকলক।
"'কা' বিৰোধী সাংস্কৃতিক জগতৰ কর্মীসকলে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা বসন পিন্ধা নাই।তেওঁলোকে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবে যোগদান কৰিছে"-এই বিষ্ফোৰক মন্তব্য অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ।"এইসকল শিল্পী নহয়,একো একোজন ছদ্মৱেশী দেশপ্ৰেমিক আৰু বহুৱা আছিল।প্রকৃত স্বৰূপ ওলাই পৰিছে"-লগতে তেওঁ কয়।
"বিজেপিত দলে-বলে জাক পাতি যোগদান কৰাটো অসমীয়া জাতিৰ প্ৰতি চৰম ভেঙুচালি, প্ৰতাৰণা আৰু বিশ্বাঘাটকতা।তেওঁলোকৰ বহুৱালি নাটক অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে।এইবোৰ বহুৱাৰ নেতৃত্বতে 'কা' আন্দোলন কৰি পাঁচজনকৈ শ্বহীদ হ'ব লগা হ'ল।তেওঁঁলোকে তেজাল অসমীয়া ডেকাকেইজনক হত্যা কৰিলে।হত্যাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব"- দাসে লগতে কয়।
উল্লেখ যে ৩০ জনকৈ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিয়ে মঙলবাৰে বিজেপিত যোগদান কৰিছিল।যোগদান কৰাৰ ভিতৰত 'কা' আন্দোলন কৰা সাংস্কৃতিক কর্মী আছিল অধিকাংশ।
বিজেপিলৈ তেওঁলোক যোৱা উদ্দেশ্যে সন্দৰ্ভত দাসে কয়-"ব্যক্তিগত মুনাফা আদায়,টকা ঘটিবৰ বাবে বিজেপিলৈ গৈছে।নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নহয়।"
"লকডাউনত দীৰ্ঘদিন ধৰি বহি থকাৰ ফলত তেওঁলোকৰ পকেট খালি হ'ল।সেই খালি পকেট ভৰ্তি কৰাৰ বাবে তেওঁলোক বিজেপিলৈ গৈছে"- সভাপতি দাসে কয়।"এনেকুৱা দিন আহিব এইসকল সাংস্কৃতিক কর্মীক বিজেপিয়ে বাংলাদেশী মানুহৰ হাতত গতাই দিব,তাৰ বাবে বেছি দিন নাই।লগতে তেওঁ কয়।
- Log in to post comments
- 48 views