"বিজেপি চৰকাৰৰ বঞ্চনাৰ বাবে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অচল হ'ব সুলভ মূল্যৰ দোকান।বিগত ডেৰ বছৰ ধৰি সুলভ মূল্য ব্যৱসায়ীসকলে চৰকাৰৰ পৰা নিজৰ প্ৰাপ্য কমিচন আদায় নোপোৱাৰ বাবে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত"।ঘোষণা কৰিলে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই।"২০১৯বৰ্ষৰ জুলাই মাহৰ পৰা ৰাজ্যৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে লাভ কৰা নাই প্ৰাপ্য।প্ৰতি কুইণ্টল সামগ্ৰীৰ বিনিময়ত দোকানীসকলে লাভ কৰে ১৪৩টকা।কিন্তু ৰহস্যজনকভাৱে চৰকাৰৰ যোগান বিভাগে ১০০.১০ টকাকৈ আদায় দি আহিছিল।৪২.৯০টকা কৰ্তন কৰি থৈছিল।দোকানীৰ পৰা কৰ্তন কৰি ৰখা বকেয়াৰ ধন বৰ্তমান সময়ত হৈছেগৈ ২৫৫ কোটি টকা।সেই ধন আদায় দিয়াৰ বাবে বিভিন্ন সময়ত দাবী জনাই অহা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগে।ফলত ৰাজ্যৰ দৰিদ্ৰ জনতাৰ ওচৰত ক্ষমা বিচাৰি ১ছেপ্টেম্বৰৰ পৰা সামগ্ৰী উত্তোলন আৰু বিতৰণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাই"।লগতে তেওঁ কয়।
উল্লেখ যে সমগ্ৰ ৰাজ্যত ৩৮,২৩৫ গৰাকী দোকানীয়ে ২ কোটি ৫২ লাখ হিতাধিকাৰীক ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত খাদ্য সামগ্রী যোগান ধৰি আহিছে।
গুৰুত্বপূৰ্ণ যে ব্যৱসায়ীসকলে চলিত বৰ্ষৰ ১২ জুলাইত ৮ দফীয়া দাবীৰে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, খাদ্য বিভাগৰ সচিব আৰু খাদ্য সঞ্চালকলৈ।তাৰো কোনো সদুুত্তৰ পোৱা নাই দোকানীসকলে।
- Log in to post comments
- 39 views