আজি মুকলি হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী বহু প্ৰতীক্ষিত ৰ'প ৱে

Ropeway

অসম অথবা গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ আজি অন্ত পৰিব।আজি জনতাৰ বাবে মুকলি কৰা হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে অথবা ৰজ্জু পথ।উল্লেখ্য যে ১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’প ৱে দেশত নদীৰ ওপৰত নিৰ্মাণ কৰা দীৰ্ঘতম ৰ’প ৱে হিচাপে চিহ্নিত হৈছে।

আজি ৰ’প ৱে মুকলিৰ অনুষ্ঠানত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিত্ত মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'প ৱে নিৰ্মাণ কৰিছে সমীৰ দামোদৰ ৰ'প ৱেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে।ছুইজাৰলেণ্ডৰ GANGLOFF CABIN নামৰ প্ৰতিষ্ঠানটোয়ে ইয়াৰ কেবিন যোগান ধৰিছে।আনহাতে,সুৰক্ষাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে ছুইজাৰলেণ্ডৰে GARAVENTA AG নামৰ প্ৰতিষ্ঠানটোয়ে।

ৰ’প ৱেৰে এবাৰত ৩৫ জন যাত্ৰীয়ে লুইতৰ ওপৰেৰে ইপাৰ-সিপাৰ হ'ব পাৰিব।এবাৰ যাত্ৰা কৰাৰ বাবে এগৰাকী যাত্ৰীৰ ভাড়া হ'ব ৬০ টকা।অহা-যোৱা কৰিলে ভাড়া হ'ব ১০০ টকা।৭ মিনিটত ব্ৰহ্মপুত্ৰ পাৰ হ'ব পৰা যাব।ৰ'প ৱেখন অসমৰ পৰ্যটন ক্ষেত্ৰৰ নতুন আকৰ্ষণ হিচাপে চিহ্নিত হ'ব বুলি আশা কৰা হৈছে।




 

Your Comments