'ৰামদিয়া সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ'ৰ অনলাইন দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

*প্ৰথম বঙাইগাঁৱৰ কৌশিকী হাজৰিকা*

হাজোৰ পৰা কমলাকান্ত দাস: 

'ৰামদিয়া সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ'ৰ উদ্যোগত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পোন প্ৰথমবাৰৰ বাবে অসম ভিত্তিত অনুষ্ঠিত অনলাইন দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতাৰ ফলাফলসমূহ শুকুৰবাৰে ঘোষণা কৰে।উদ্যোক্তা সমিতিৰ মুখ্য এডমিন অমৰেন্দ্ৰ দাসে জনোৱা মতে দুটা শাখাত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাতৰ 'ক' শাখাৰ প্ৰথম বঙাইগাঁৱৰ কৌশিকী হাজৰিকা,দ্বিতীয় পাণ্ডু সদিলাপুৰৰ দেৱাস্মিতা কাশ্যপ আৰু তৃতীয় হাজোৰ ৰামদিয়াৰ গৰিমা বেজবৰুৱা।'খ' শাখাৰ প্ৰথম অভয়াপুৰীৰ জাহ্নৱী ৰয়,দ্বিতীয় বৰপেটাৰ ২ নং গলিয়াহাটীৰ দিশা দাস আৰু তৃতীয় নগাঁৱৰ পাঞ্চুৰিকা প্ৰিয়দৰ্শিনী।তদুপৰি বিচাৰকৰ বিশেষ বঁটা লাভ কৰে চতিয়া(বিশ্বনাথ)ৰঅলকানন্দা ভূঞা,উত্তৰ গুৱাহাটীৰ কৃতিকা নাথে।উদগণিমূলক বঁঁটা চিৰাঙৰ দীক্ষিতা বৰ্মন আৰু সাতগাঁঁও(সূৰ্যনগৰ)ৰ ফ্ৰান্সিছ ঢৱনি টিয়েডে লাভ কৰে।এই বঁটাসমূহ অহা ৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ ওপজা দিনত প্ৰদান কৰিব।দূৰণিৰ বিজয়ীসকলৰ বঁঁটাসমূহ ডাকযোগে প্ৰেৰণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।
 

Your Comments

Related Articles