কৃষক নেতা অখিল গগৈৰ আইনী যুঁজলৈ অসমবাসীৰ ৰাইজে এসপ্তাহত কিমান টকা দিলে?পঢ়ি লওক

#AkhilGogoi

*দুই নম্বৰী ব্যৱসায়ী,ঠিকাদাৰ,ৰাজনৈতিক নেতাৰ পৰা নহয়,অসমৰ দুখীয়া-নিচলাৰ পৰা সাহায্য আহিছে অখিলৰ আইনী যুঁজলৈ- কৃষক মুক্তি সংগ্রাম সমিতি*

বিগত ৮ মাহ বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ আইনী যুঁঁজলৈ ব্যাপক সঁহাৰি অসমবাসীৰ।বিগত এসপ্তাহত গগৈৰ আইনী যুঁঁজলৈ অসমবাসীয়ে আগবঢ়ালে মুঠ ১১ লাখ ৩১ হাজাৰ ৩৬৬ টকা।এই কথা ৰাজহুৱা কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।গগৈৰ আইনী যুঁজলৈ অসমবাসী ৰাইজৰ সঁহাৰিৰ বাবে ধন্যবাদ জনায় সংগঠনটোৰ সভাপতি ভাস্ক'-ডি শইকীয়াই।তেওঁ কয় 'দুই নম্বৰী ব্যৱসায়ী, ঠিকাদাৰ, ৰাজনৈতিক নেতাৰ ধন অহা নাই গগৈৰ আইনী যুঁজলৈ।ধন আহিছে অসমবাসী দুখীয়া-নিচলা ৰাইজৰ পৰা।য'ত ১০টকাৰ পৰা ১০০ টকা আগবঢ়োৱা লোকৰ সংখ্যা বেছি।গগৈক চৰকাৰে যিমানে ৰাষ্ট্ৰদ্ৰোহী সজাবলৈ চেষ্টা নকৰক কিয়,ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰিছে অসমৰ ৰাইজৰ তেওঁ যে এগৰাকী বলিষ্ঠ নেতা'-শইকীয়াই লগতে কয়।

উল্লেখ যে দুগৰাকী শিল্পী মানস ৰবীনে ২ লাখ, অনন্যা দত্তই ১০ হাজাৰ টকা আইনী যুঁঁজলৈ আগবঢ়োৱাৰ  বিপৰীতে অন্যান্য 'কা' বিৰোধী শিল্পীসকলৰ ফালৰ পৰা বৰ্তমানো আইনী সাহায্য লাভ কৰা নাই।

গুৱাহাটীৰ গান্ধীবস্তিৰ কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলখনত অসমবাসীৰ ৰাইজক পুনৰ আহ্বান জনাই সংগঠনটোৱে কয়-"গগৈৰ আইনী যুঁজখন অধিক জটিল হ'ব।এটা দিনৰ শুনানিত অধিবক্তাক প্ৰদান কৰিব লাগিব ৪-৫ লাখ টকা।সেই বাবে যিসকলে গগৈৰ মুক্তি হোৱাটো বিচাৰে,তেওঁলোকক আইনী সাহায্যৰ বাবে বৰঙণি এতিয়াও প্ৰদান কৰাৰ বাবে আহ্বান জনায় সংগঠনটোয়ে।

গুৰুত্বপূৰ্ণ যে অহা ২৮ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ পক্ষৰ অধিবক্তাই আবেদন দাখিল কৰিব।এই কথা জানিবলৈ দিয়ে সভাপতি শইকীয়াই।

Your Comments