ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয়ৰ ৫৭সংখ্যক নৱাগত আদৰণী সভা আৰু অভিনন্দন অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভবেন চন্দ্ৰ লহকৰে ।
ছহিদ তৰ্পণ কৰে ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী দৰ্শনা শৰ্মা আৰু উপ-সভানেত্ৰী ফাঞ্জামুঠী বসুমতাৰীয়ে । ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন উদ্বোধন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ অনিল কুমাৰ শৰ্মাই ।
পৰিচালনা কৰে ৰসায়ন বিজ্ঞানৰ মুৰব্বী অধ্যাপিকা মমতা লহকৰ আৰু মৌচুমী ভূঞাই । ৰঙিয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভবেন চন্দ্ৰ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শংকৰ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই তেখেতৰ বক্তব্যত কয় যে ছাত্ৰ-ছাত্ৰীসকলে যি আশা লৈ ৰঙিয়া মহাবিদ্যালয়ত অধ্যয়নৰ বাবে আহিছে তেওঁলোকৰ আশা অধ্যয়নৰ যোগেদি পূৰ্ণ হওক ।
ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে দেখা সপোনবোৰ বাস্তৱ ক্ষেত্ৰত পৰিণত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিলেহে ভৱিষ্যৎ দিনত তেওঁলোকৰ সপোনবোৰ পূৰ্ণ হ'ব । বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা, দৃঢ়তা, সংকল্প সকলোবোৰ গুণ থাকিলেহে ভৱিষ্যৎ জীৱনত আগবাঢ়ি যাব পাৰিব ।
জীৱনত সফলতা লাভ কৰিবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলে ত্যাগ কৰিব লাগিব, তেতিয়াহে জীৱনত সফলতা আহিব বুলি তেওঁ উল্লেখ কৰে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে নৱাগত ছাত্ৰ-ছাত্ৰীসকলে যি আশা, সপোন লৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে সন্তানক লৈ যি আশা কৰিছে, সেই আশা ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ যোগেদি বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত কৰিব লাগিব ।
৬৫ বছৰ অতিক্ৰম কৰা ৰঙিয়া মহাবিদ্যালয়খনত অধ্যয়ন কৰি নৱাগতসকলৰ মাজৰ পৰাই একোজন মানৱ সম্পদ সৃষ্টি হ'ব বুলি কোৱাৰ লগতে মহাবিদ্যালয়খনৰ গৰিমা-ঐতিহ্য জিলিকাই ৰখাৰ লগতে জাতিটোক প্ৰতিষ্ঠা কৰাত নৱাগতসকলে ভূমিকা ল'ব বুলি কয় । মহান বীৰ-ছহিদসকলৰ আৰ্দশ যেনেকৈ জিলিকি আছে, অধ্যয়নৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে নিজক জিলিকাই তোলাৰ চেষ্টা কৰিব লাগিব বুলিও তেওঁ কয় ।
তেওঁ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ পদ্মনাথ গোঁহাইবৰুৱা, ভূপেন হাজৰিকা, কবিতাৰ সংকলন, বিহুৰ ইতিহাস গ্ৰন্থ কেইখনমান অধ্যক্ষৰ জৰিয়তে আগবঢ়ায় । বৰ্তমান সময়ত ছাত্ৰ সন্থাই সমগ্ৰ অসমত গ্ৰন্থৰ বিপ্লৱ কৰাৰ বাবে প্ৰচেষ্টা লোৱাৰ কথাও উল্লেখ কৰে । গগৈয়ে লগতে কয়, জাতি আৰু সমাজখনক আগবঢ়াই নিবলৈ হ'লে শিক্ষা আৰু জ্ঞানেৰে আগবঢ়াই নিব লাগিব ।
প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষাৰ ক্ষেত্ৰত জোৱাৰ অনাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । নৱাগত আদৰণী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে কয় যে আমি প্ৰথমে শিপা চিনিব লাগিব । শিপাৰ উপলব্ধি লৈহে আমি আমাৰ জাতীয় জীৱন আগবঢ়াই নিয়া উচিত ।
ৰঙিয়া মহাবিদ্যালয়ত ছাত্ৰৰ সমানে সমানে ছাত্ৰীৰ সমসংখ্যক উপস্থিতিও গুৰুত্বপূৰ্ণ বিষয় বুলি কয় জ্যেষ্ঠ সাংবাদিকজনে । তেখেতে ছাত্ৰ-ছাত্ৰীসকলক হিমা দাসৰ আদৰ্শেৰে জগত জিনাৰ বাবে আহ্বান জনায় । সাহিত্য, সংস্কৃতি, খেল আদি সকলোতে অসম আগত বুলি নানা উদাহৰণ দাঙি ধৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে বংগৰ চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ বহু বছৰ পূৰ্বে শংকৰদেৱ, মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ।
ঠিক একেদৰে ভাৰতীয় সাহিত্যই সংগঠিত ৰূপ লোৱাৰ পূৰ্বে ভট্টদেৱে গদ্য সাহিত্যৰ সৃষ্টিৰে অসমীয়া সাহিত্যক সংগঠিত ৰূপ প্ৰদান কৰিছিল । ঠিক একেদৰে অৰ্থনৈতিক ক্ষেত্ৰতো সেই অতীজৰে পৰাই অসমে সকলোৰে আগত অৱস্থান কৰিছিল । চাহপাত যিদৰে প্ৰথমতে অসমতে আৱিষ্কাৰ হৈছিল, ঠিক একেদৰে ডিগবৈৰ তৈল উদ্যোগেও ভাৰতবৰ্ষত ঔদ্যোগীকৰণৰ বাট প্ৰশস্ত কৰিছিল ।
তেনেদৰে স্বাধীনতা সংগ্ৰামত অত্যাচাৰিত হোৱা প্ৰথম মহিলা ১৮৫৭ চনত নগাঁও জিলাৰ চাফা নেছা নামৰ মহিলাগৰাকীয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানে কলীয়াপানীত কাৰাবাস খাটিবলগীয়া হৈছিল বুলিও তেওঁৰ বক্তব্যত প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় ।
জ্যেষ্ঠ বুদ্ধিজীৱীগৰাকীয়ে পুনৰ কয় যে ভাৰতীয় সময়ৰ বহু পূৰ্বে যিহেতু অসমত সূৰ্যোদয় হয়, সেয়েহে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে দেশ তথা নিজৰ স্বাৰ্থত বৰ্তমান ভাৰতীয় ঘড়ীয়ে দিয়া সময়তকৈ এক ঘণ্টা পূৰ্বে পঢ়া-শুনাকে আদি কৰি নিজ নিজ কাম-কাজসমূহ আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায় ।
আজি ৰঙিয়া মহাবিদ্যালয়ৰ ২০১৫-১৬ বৰ্ষ আৰু ২০১৬-২০১৭ বৰ্ষৰ আলোচনী দুখনো উন্মোচন কৰা হয় । জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন আৰু শংকৰ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আলোচনী দুখন উন্মোচন কৰে ।
নৱাগত আদৰণী সভাখন পৰিচালনা কৰে ৰঙিয়া মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক নৱজ্যোতি কুমাৰে । মুকলি সভাৰ পিছত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু তৃষ্ণা ঝুমকীয়ে ।
- Log in to post comments
- 53 views