ক'ভিড নহয়,গাৰ বৰণেই কাল হৈছে টীয়কৰ বুলবুল আলীৰ বাবে

Pic

ৰাজ্যজুৰি অব্যাহত আছে ক'ৰ'নাৰ সংহাৰ।প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা।শেহতীয়াকৈ চৰকাৰী সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২৩,০০০তকৈও অধিক লোক অসমত আক্ৰান্ত হৈছে এই মহামাৰীত।কিন্তু তাৰ মাজতে এটা আচহুৱা ঘটনা সংঘটিত হৈছে টীয়কত।গাৰ বৰণৰ বাবেই চাৰি মাহ ধৰি চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব লগীয়া হৈছে টীয়কৰ মাহাৰ মুছলিম গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী বুলবুল আলী।গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰাটো বুলবুলৰ পেছা।পিছে এতিয়া কোনো গাঁৱতে প্ৰৱেশ কৰিবলৈ নোৱাৰে বুলবুলে।যাৰ ফলত বিগত চাৰি মাহ ধৰি উপাৰ্জনৰ এটা ফুটা কড়িও নাই বুলবুলৰ হাতত।দৰাচলতে টীয়কৰ এইগৰাকী ব্যক্তিৰ দেহৰ ৰং পশ্চিমীয়াসকলৰ দৰে।যাৰ বাবে গাঁৱৰ লোকসকলে তেওঁক বিদেশী বুলি ভাবি ক'ৰ’না ভাইৰাছ বিয়পাৰ সন্দেহ কৰিয়েই গাঁৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে।আনহাতে,বিগত চাৰি মাহ ধৰি এটকাও উপাৰ্জন কৰিব নোৱাৰি ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বুলবুল মানসিকভাৱে ভাগি পৰিছে।

Your Comments