আজি 'নিয়া'ৰ আদালতত কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি

অখিল গগৈ

বিগত সাত মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ আজি হ'ব জামিনৰ শুনানি।চানমাৰিৰ 'নিয়া'ৰ আদালতে প্ৰদান কৰিব গগৈৰ জামিনৰ শুনানি।উল্লেখ যে চানমাৰি থানাৰ ১৩/১৯ নম্বৰৰ নিয়াৰ গোচৰৰ আজি পিছবেলাৰ ভাগত আদালতে প্ৰদান কৰিব শুনানিৰ ৰায়।এই কথা জনালে গগৈৰ অধিবক্তাই।

আনহাতে,গগৈৰ বিৰুদ্ধে পুনৰ চাবুৱা থানাত ১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল 'নিয়া'ই।উক্ত গোচৰটো পূৰ্বৰ ১৩/১৯ নম্বৰৰ গোচৰৰ সৈতে একেলগ কৰিব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল অধিবক্তাই।সেই আবেদনৰো শুনানিৰ ৰায় আজি নতুবা বুধবাৰে ঘোষণা কৰা সম্ভাৱনা আছে।

গুৰুত্বপূৰ্ণ যে 'কা' আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ বন্দী হৈ আছে কৃষক নেতাগৰাকী।আনহাতে,একেটা গোচৰতে গগৈৰ সৈতে গ্ৰেপ্তাৰ হোৱা মানস কোঁৱৰ,বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে।

Your Comments