ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ৰ'নাৰ সংক্ৰমণ।প্ৰতিদিনে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। ৰাজভৱনতো ক'ৰ'না ভাইৰাছে সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ।কামৰূপ জিলা প্ৰশাসনে ৰাজভৱনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছতো এইপৰ্যন্ত ৰোধ কৰিব পৰা নাই ক'ৰ'নাৰ সংক্ৰমণ।
এইপৰ্যন্ত ৰাজভৱনৰ ৭০ গৰাকীকৈ লোকৰ গাত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।যোৱা ৪ জুলাইত দুজন লোকৰ গাত ধৰা পৰিছিল ক'ভিড-১৯। তাৰে পিছত ৭০ জন লোকলৈ সংক্ৰমণ হ'ল এই ভাইৰাছ।দেওবাৰে ৰাজভৱনৰ ২৪ গৰাকী লোকৰ দেহত ধৰা পৰাৰ লগে লগে ৰাজভৱনত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে।দেওবাৰে ক'ভিড-১৯ ধৰা পৰা লোকসকলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।
- Log in to post comments
- 13 views