গুৱাহাটীত ক'ৰ'নাই লৈছে ভয়াৱহ ৰূপ।ইতিমধ্যে মহানগৰখনত ক'ৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।তাৰ মাজতে আক্ৰান্ত হৈছে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰা।বিধায়কগৰাকীৰ স্বাৱ পৰীক্ষা কৰাৰ পিছতে দেহত ক'ৰ'নাৰ অৱস্থিতি ধৰা পৰে।অতুল বৰাক গুৱহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।আনহাতে,ইয়াৰ পূৰ্বে শদিয়াৰ বিধায়ক বলীন চেতীয়া,সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ,বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ শৰীৰতো ক'ৰ'নাৰ অৱস্থিতি ধৰা পৰিছিল।
- Log in to post comments
- 5 views