পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

Congress Protest

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলাত কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। বুধবাৰে এনএছইউআইৰ উদ্যোগত নগাঁৱত কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ সদস্যসকলে পেট্ৰ'ল- ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।নগাঁও সদৰ পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয় আৰু নগাঁও সদৰ থানাৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰি কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে।'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়','পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়', 'বিজেপি মুৰ্দাবাদ' আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে।কংগ্ৰেছ কৰ্মীসকলে সাঙীত স্কুটী উঠাই প্ৰতীকী শ্মশান যাত্ৰা কৰি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ  কৰে।

Congress Protest

এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ডা: দুৰ্ল্লভ চমুৱাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয় - "বিজেপি চৰকাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে।"বিজেপি চৰকাৰৰ জনস্বাৰ্থবিৰোধী কাৰ্যৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ দুয়োজন নেতাই আহ্বান জনায়। কাৰ্যসূচীৰ অন্তত নগাঁও জিলা এনএছইউআইৰ তৰফৰ পৰা পেট্ৰ'ল- ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবী জনাই নগাঁও জিলা উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

 

Your Comments