হাজোত বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ

চুলাই মদ

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো আৰক্ষী থানাৰ সমীপৰ পতনিত সোমবাৰে নিশা অভিযান চলাই চুলাই মদ, মটৰ চাইকেলসহ এটা মদ বেপাৰীক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বেপাৰীটো হ'ল হাজো থানাৰ অন্তৰ্গত গেৰুৱাৰ প্ৰয়াত ৰামেশ্বৰ দাসৰ পুত্ৰ গোবিন্দ দাস (৩৬)। জানিব পৰা মতে,হাজো আৰক্ষীয়ে নিশা এটা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই হাজোৰ পতনিৰ পৰা এ এছ ০১/এ এফ/৬৯৭০ নম্বৰৰ মটৰচাইকেলসহ ১২০ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে মদ বেপাৰী গোৱিন্দক আটক কৰে।পিছত আৰক্ষীয়ে জব্দ কৰা চুলাইখিনি জ্বলাই দিয়ে ।

Your Comments