শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা জল আৰু অনাময় মিছনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।বৈঠকত জিলাখনত ৰূপায়ণ হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ "জল জীৱন মিছন"ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।জিলা উপায়ুক্তই এই মিছনৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ কাম-কাজৰ প্রতিটো স্তৰত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ সহযোগী বিভাগসমূহক আহ্বান জনায়।তেওঁ জিলাখনৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক এই মিছনৰ কামকাজৰ গুণাগুণৰ মান উন্নত হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ত্ৰুটিহীনভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ কৰাৰ লগতে পানীৰ পৰা সংক্ৰমণ হোৱা ৰোগসমূহৰ পৰাও হাত সাৰিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে দৃঢ় মতপোষণ কৰে। তেওঁ লগতে উল্লেখ কৰে যে জিলাখনত "জল জীৱন মিছন"ৰ সফল ৰূপায়ণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০২৪ চনলৈ "হৰ ঘৰ জল"ৰ সপোন বাস্তৱায়িত কৰাত সহায়ক হ'ব।উল্লেখযোগ্য যে ভাৰত চৰকাৰে National Rural Drinking Water Programme (NRDWP) -ক জল জীৱন মিছন (Jal Jeevan Mission) লৈ সন্মিলিত কৰি ২০২৪ চনলৈ প্ৰতিটো ঘৰতে পানীৰ টেপ (Functional Household Tap Connection) সংযোজনৰ জৰিয়তে প্রতিটো পৰিয়াললৈ পানী যোগান ধৰাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। শিৱসাগৰ সংগমণ্ডলৰ অধীনত পানী যোগান ধৰিবলগীয়া ১,১৮,৪০৪ টা পৰিয়ালৰ ভিতৰত মাৰ্চ,২০২০ ৰ ভিতৰত ৫,২০৪ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে বৈঠকত "জল জীৱন মিছন"ৰ ২০২০-২১ বৰ্ষৰ কৰ্ম আঁচনিখনক সৰ্বসন্মতি ক্ৰমে অনুমোদন জনোৱা হয়।বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া,জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক শ্যমন্ত মাধৱ শৰ্মাকে আদি কৰি সহযোগী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে।
- Log in to post comments
- 5 views