শুৱালকুছিত পাট কাপোৰৰ ব্যৱসায়ী ক’ভিড পজিটিভ:হাজো আৰক্ষীৰ হাবিলদাৰসহ চাৰিজনকৈ ক'ৰ'নাত আক্ৰান্ত 

Covid

মৃণাল ডেকা,শুৱালকুছি: 

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।দুদিন পূৰ্বে  শুৱালকুছিৰ এফআৰইউত দুটাকৈ শিশু ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পাছত শনিবাৰে আকৌ এগৰাকী পাট-মুগা কাপোৰ ব্যৱসায়ী,শুৱালকুছি ন টোলৰ উদ্ধৱ কলিতাৰ দেহত ক’ভিড পজিটিভ পোৱাত অঞ্চলজুৰি ৰাইজ শংকিত হৈ পৰিছে। ২ জুলাইত গুৱাহাটীস্থিত নেমকেয়াৰ  হাস্পতালত অন্য চিকিৎসাৰ বাবে গৈ প্ৰথমে ক’ভিড পৰীক্ষাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই ছোৱাব সংগ্ৰহ কৰিছিল।৩ জুলাইৰ নিশা তেওঁক স্বাস্থ্য বিভাগে ক’ভিড পজিটিভ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।শনিবাৰে স্বাস্থ্য বিভাগে  উদ্ধৱ কলিতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্ত্তি কৰে।আনহাতে,কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ দুই হাবিলদাৰসহ চাৰিজনকৈ লোক ক'ৰ'না আক্ৰান্ত হোৱাৰ খবৰত হাজোৰ লগতে ইয়াৰ নিকটৱৰ্ত্তী অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে।জানিব পৰা মতে যোৱা ২৭ জুনত হাজো আৰক্ষী থানাৰ বিষয়াসহ ৬০ জনকৈ কৰ্মচাৰীৰ ছোৱাব সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।শনিবাৰে ছোৱাব টেষ্টত ওলোৱা ফলাফলত হাজো থানাৰ হাবিলদাৰ পৱিত্ৰ কুমাৰ ডেকা,গৃহৰক্ষী জোৱান আব্দুল লতিফ,এপিবিএনৰ হাবিলদাৰ দুলাল হাজৰিকা আৰু জোৱান অনিল মিলিৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰে।আজি বিয়লি স্বাস্থ্য বিভাগৰ লোকে চাৰিগৰাকী আক্ৰান্তক মীৰ্জাস্থিত পতঞ্জলি ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰে।সম্প্ৰতি ইয়াকে লৈ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি  হৈছে।

Your Comments