মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ মজুৰি ৯৬০০ টকালৈ বৃদ্ধি কৰাৰ দাবী

Nagaon

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

ক'ৰ'নাৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰাথমিক স্তৰৰ বিদ্যালয়ত কৰ্মৰত ৰান্ধনী আৰু সহায়িকাসকলৰ বিলৈ-বিপত্তি নোহোৱা হৈছে।এইসকল কৰ্মচাৰীৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা সন্থাই দাবী জনাইছে।শুকুৰবাৰে নগাওঁ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ উপ-সভানেত্ৰী খোদেজা খাতুন আৰু সাংগঠনিক সম্পাদক পূৰ্ণকান্ত বৰদলৈয়ে কয়, "লকডাউনৰ আৰম্ভণিতে ভাৰত চৰকাৰে ১৫ হাজাৰ টকা মজুৰি পোৱা কৰ্মচাৰীসকলক সাহায্য দিয়াৰ নিৰ্দেশ দিছিল।সেয়েহে অসম চৰকাৰৰ আইনৰ আওঁঁতাত আনি অসমৰ ৰান্ধনী-সহায়িকাসকলক মজুৰি দিব লাগে। তদুপৰি,অসম চৰকাৰৰ যোৱা বাজেটত ৰান্ধনী-সহায়িকাসকলৰ মজুৰি এহেজাৰ টকাৰ পৰা আৰু পাঁচশ টকা বৃদ্ধি কৰিছে। সেই বৃদ্ধি হোৱা পাঁচশ টকা ৰান্ধনী সহায়িকাসকলক শীঘ্ৰে আদায় দিবলৈ সংবাদ মেল যোগে সন্থাই চৰকাৰক আহ্বান জনাইছে।"ৰান্ধনী-সহায়িকাৰ মজুৰি ১০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰা,১৫০০০ টকাৰ তলৰ দৰমহা পোৱা কৰ্মচাৰীসকলক মৰগীয়া বোনাচ প্ৰদান কৰা আৰু পেঞ্চন, মেডিকেলৰ লগতে সামাজিক সুৰক্ষা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।সংবাদমেলত সন্থাৰ উপ- সভানেত্ৰী খোদেজা খাতুন,সাংগঠনিক সম্পাদক পূৰ্ণকান্ত বৰদলৈ,নগাঁও জিলা সমিতিৰ সভানেত্ৰী মহিমা দত্তৰ লগতে নগাঁঁও জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

 

Your Comments