ঘগ্ৰাপৰত ক'ভিড যতন কক্ষ নিৰ্মাণত স্বাস্থ্য-গড়কাপ্টানি গৃহ বিভাগৰ নিম্নমানৰ কাম:ক্ষুদ্ধ বিধায়ক অশোক শৰ্মা

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলত স্বাস্থ্য বিভাগে স্থাপন কৰিবলৈ যোজা চলাই থকা ৫ টা ক'ভিড-১৯ যতন কক্ষ শুকুৰবাৰে পৰিদৰ্শন কৰি নলবাৰীৰ বিধায়ক অশোক শৰ্মা ক্ষুব্ধ হৈ পৰে।ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুুঁজ দিয়াৰ বাবে নলবাৰী স্বাস্থ্য বিভাগে ঘগ্ৰাপাৰ অঞ্চলৰ খাতিকুছি,আল্লিয়া,ভিঠামহল,লাটিমা,আৰু শিলপোতাবৰীত স্থাপন কৰি থকা ক'ভিড-১৯ যতন কক্ষকেইটাৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱা বুলি বিধায়কগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।উল্লেখ‍্য যে উক্ত যতন কক্ষকেইটা স্বাস্থ্য বিভাগে নলবাৰী গড়কাপ্তানি (গৃহ )বিভাগক দায়িত্ব অৰ্পন কৰিছিল।গড়কাপ্তানি গৃহ বিভাগে প্ৰাককলন প্ৰস্তুতৰ পূৰ্বে কেইজনমান ঠিকাদাৰক উক্ত কক্ষকেইটা নিৰ্মাণৰ নিৰ্দেশ দিছিল।বেৰিকেড,বিচনা,বিদ্যুৎ,শৌচালয়,পানী,পৰিচ্ছন্নতা আদি সামৰি সকলো দিশত সাজু কৰিবলৈ খাতিকুছিত ৩০ খন বিচনাৰ বিপৰীতে ৮.৫০লাখ,আল্লিয়াত ১০ খনৰ বিপৰীতে ৭ লাখ,ভিঠামহলত ১৫ খনত ১০ লাখ,লাটিমাত ১০ খনৰ বিপৰীতে ৭ লাখ,ভিঠামহলত ১৫ খনত ১০ লাখ,লাটিমাত ১০ খনত ৭ লাখ টকা ধাৰ্য কৰা হৈছে।আনহাতে,শিলপোতাবৰীত স্থাপন কৰিবলৈ লোৱা কক্ষটোৰ বিপৰীতে বৰ্তমানেও ধন ধাৰ্য কৰা নাই।বিধায়ক অশোক শৰ্মাই যতন কক্ষকেইটাৰ অগ্ৰগতিৰ বুজ লয় যদিও ঠিকাদাৰসকলে স্বাস্থ্য আৰু গড়কাপ্তানি গৃহ বিভাগৰ বৰমুৰীয়াসকলক মেনেজ কৰি অতি নিম্নমানৰ কাম কৰা বুলি মন্তব্য কৰি ক্ষুব্ধ হৈ পৰে।লগতে,কক্ষকেইটা নিৰ্মাণৰ নামত প্ৰাককলনত অধিক ধন খৰছ কৰা দেখুৱাই সংশ্লিষ্ট কৰ্তৃপক্ষই সিংহভাগ ধন আত্মসাৎ কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে।ইফালে,শিলপোতাবৰীত এটা জৰাজীৰ্ণ পুৰণা আৱাসত যতন কক্ষ স্থাপনৰ প্ৰস্তুতি চলোৱাত নলবাৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে বিধায়ক শৰ্মা সৰৱ হৈ পৰে।উক্ত আৱাসটোত ক'ভিড যতন কক্ষ স্থাপন কৰিলে চৰকাৰী ধনৰ ব‍্যাপক অপচয় হ'ব বুলিও অশোক শৰ্মাই মন্তব্য কৰে।ইফালে, খাতিকুছিত যতন কক্ষ স্থাপনৰ লগত সংগতি ৰাখি পানী যোগানৰ নামত খাতিকুছি গাঁও পঞ্চায়তৰ সভাপতি দীপক কলিতাই ৫০ হাজাৰ টকা আত্মসাৎ কৰা বুলি বিধায়কগৰাকীয়ে জানিব পাৰি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ হাস্পতাল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।ইফালে,ক'ভিড -১৯ লৈ কোনোধৰনৰ দুৰ্নীতি সহ্য কৰা নহ'ব বুলি বিধায়কগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক সকিয়াই দি ঠিকাদাৰৰ সৈতে সহাৱস্থান নকৰি বিজ্ঞানসন্মাতভাৱে যতন কক্ষকেইটা নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি( গৃহ ) বিভাগৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ দাসক নিৰ্দেশ দিয়ে‌।বিধায়কগৰাকীৰ এই পৰিদৰ্শন কালত স‌ংগ দিয়ে ঘগ্ৰাপাৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকা, নলবাৰীৰ চক্ৰ বিষয়া,গড়কাপ্তানি(গৃহ)ৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ দাস,সহকাৰী অভিযন্তাসহ বড়িগোগ বনভাগ মণ্ডল        বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,বিজেপি নেতা ধ্ৰুৱজ‍্যোতি দত্ত,ৰথীন দত্ত আদিয়ে।

 

Your Comments