গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
শুকুৰবাৰে গোলাঘাটত পুনৰ ২৬ জনকৈ ক'ভিড পজিটিভ ৰোগী চিনাক্ত হোৱাত গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা উপায়ুক্তই এটা নিৰ্দেশ যোগে গোলাঘাট উকীল সন্থা,উপায়ুক্ত কাৰ্যালয় আৰু গোলাঘাট চাৰ্কোল অফিচ তৎকালীনভাৱে বন্ধ ঘোষণা কৰিছে।যিহেতু গোলাঘাট উপায়ুক্ত কাৰ্যালয়,চাৰ্কোল অফিচ আৰু গোলাঘাট উকীল সন্থাৰ কাৰ্যালয়ৰ ব্যক্তিৰ দেহত ধৰা পৰিছে মৰাত্মক ক'ভিড ভাইৰাছ।ফলত তৎকালীনভাৱে জিলা উপায়ুক্তই গোলাঘাট ক'ৰ্ট ৰোড,উপায়ুক্তৰ কাৰ্যালয়ৰ চৌপাশৰ ৫০ মিটাৰ এলেকা নিষিদ্ধ ঘোষণা কৰি সম্পূৰ্ণ বন্ধ দিয়ে।তদুপৰি,জিলা উপায়ুক্তৰ কাৰ্যালয় অহা সোমবাৰৰ পৰা শুকুৰবাৰ পৰ্যন্ত বন্ধ থাকিব।অৱশ্যে,জিলা দুৰ্যোগ ব্যৱস্থাপনা আৰু নজৰৎ বিভাগ খোলা থাকিব বুলি জানিবলৈ দিয়ে।ইফালে,গোলাঘাট চাৰ্কোল অফিচ আৰু দেৰগাঁও চাৰ্কোল অফিচ শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰে।লগতে,গোলাঘাট উকীল সন্থাৰ কাৰ্যালয় পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।
- Log in to post comments
- 9 views